College Anthem


গীত টিৰ স্ৰষ্টা – মাননীয় শৰৎ চন্দ্ৰ সিংহ

আমি বন্তি জ্বলাওঁ
আমি দিশ পোহৰাওঁ
নজনাক জানিবলৈ
আমি আগুৱাই যাওঁ ৷ ৷
আমি যাত্ৰী অসীমৰ
জয় চিহ্ন ভাৰতৰ
এন্ধাৰ বিদাৰি আমি
পোহৰ উলিয়াওঁ ৷ ৷
অসীমলৈ এই বাট
আছে বহু বাধা তাত
আমি পাৰ হৈ যাওঁ
আমি বন্তি জ্বলাওঁ ৷৷